Advertisement

Driver of truck confirms bikers rammed motorcycle into truck at Biswanath

Driver of truck confirms bikers rammed motorcycle into truck at Biswanath পোহৰলৈ আহিল বৃহস্পতিবাৰে বিশ্বনাথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ । বৃহস্পতিবাৰৰ সন্ধিয়া বিশ্বনাথ চাৰিআলিৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন বাইক আৰু মৃত্যু হৈছিল দুজন আৰোহীৰ। সংকটজনক অৱস্থাত এজনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। এই ঘটনাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীয়ে সংঘটিত কৰিছিল বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। সেই সময়তে মন্ত্ৰী ডঃ শৰ্মাৰ লগতে তেওঁৰ লগত থকা সাংসদ পল্লৱলোচন দাসে স্পষ্ট কৰি দিছিল যে দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ আৰোহীয়ে ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই শোকাৱহ ঘটনা সংঘটিত হৈছিল। আৰু ট্ৰাকখন পৰীক্ষা কৰিলেই সমগ্ৰ তথ্য পোহৰলৈ আহিব। আজি সেই ট্ৰাকখনৰ চালকে নিজেই জিনজিয়া আৰক্ষী থানালৈ আহি ভাষ্য প্ৰদান কৰিছে। নিউজ লাইভৰ হাতত আছে ট্ৰাকখনৰ ধ্বংসপ্ৰাপ্ত অংশৰ ছবি। চালকজনে স্পষ্ট কৰি দিছে যে সেইদিনা প্ৰকৃততে কি হৈছিল। চালকজনৰ ভাষ্য অনুসৰি তেওঁ ৰখাই থোৱা ট্ৰাকখনত বাইকখনৰ সন্মুখৰ অংশ খুন্দা মৰাৰ ফলত ভিতৰলৈ সোমাই গৈছিল আৰু তেওঁ আৰু তেওৰ হেণ্ডিমেনে মটৰচাইকেলখন ট্ৰাকৰ তলৰ পৰা উলিয়াই কাষলৈ লৈ গৈছিল।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Biswanath Accident,Biswanath,Biswanath Accident Himanta Biswa Sarma,Himanta Biswa Sarma,Assam News,Breaking News Assam,Assam,News Live,

Post a Comment

0 Comments